Friday, August 1, 2025
HomeSportআই পি এলত আজি মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছ...

আই পি এলত আজি মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছ – IPL 2025


নতুন দিল্লী: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ ৰ ৬২ সংখ্যক মেচখন আজি চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হ’ব । সন্ধিয়া ৭.৩০ বজাত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন ৷

অৱশ্যে দুয়োটা দলে চলিত ছিজনৰ আই পি এলৰ প্লে-অফ পৰ্যায়ৰ পৰা বাহিৰ হৈছে ৷ এনে পৰিস্থিতিত আজিৰ খেলখনত জয়ী হৈ অনুৰাগীক আনন্দ দিয়াৰ চেষ্টাৰে খেলপথাৰত প্ৰৱেশ কৰিব দুয়োটা দল ।

আই পি এলত আজি চেন্নাই চুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছ

তাৰকা উইকেটকীপাৰ বেটছমেন সঞ্জু চেমছনৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে আজি চেন্নাইৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ’ব ৷ চলিত ছিজনত অত্যন্ত দুৰ্বল প্ৰদৰ্শন কৰি অনুৰাগীক হতাশ কৰিছে ৰাজস্থান ৰয়েলছে ৷ মাত্ৰ ৬ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ নৱম স্থানত থকা ৰাজস্থান ইতিমধ্যে প্লে-অফৰ পৰা বাহিৰ হৈছে ।

এই ছিজনত বৰ্তমানলৈকে খেলা ১৩ খন মেচৰ ভিতৰত মাত্ৰ ৩ খনতহে জয়লাভ কৰিছে দলটোৱে ৷ বিপৰীতে ৯ খন মেচতে হৈছে পৰাজয়ৰ সন্মুখীন ৷ ৰাজস্থান ৰয়েলছে আজি লীগৰ অন্তিমখন মেচত জয়লাভ কৰি ছিজনৰ অন্ত পেলাব বিচাৰিছে ।

আনহাতে, পাঁচবাৰৰ আই পি এল চেম্পিয়ন চেন্নাই চুপাৰ কিংছৰ বাবে চলিত ছিজনটো হতাশাজনক প্ৰতিপন্ন হৈছে ৷ প্ৰবীণ অধিনায়ক এম এছ ধোনীৰ নেতৃত্বাধীন হালধীয়া জাৰ্ছীৰ দলটো ইতিমধ্যে প্লে-অফৰ দৌৰৰ পৰা বাদ পৰিছে ৷ বৰ্তমান ৬ পইণ্টেৰে পইণ্ট তালিকাৰ দশম স্থানত আছে দলটো । মুঠ ১২ খন খেলৰ ভিতৰত মাত্ৰ ৩ খন খেলতহে জয়লাভ কৰিছে চি এছ কেয়ে ।

এতিয়াও দলটোৰ দুখন লীগ মেচ বাকী আছে ৷ গতিকে এই দুয়োখন মেচতে জয়লাভ কৰি নিজৰ সন্মান ৰক্ষা কৰিব বিচাৰিব চেন্নাই চুপাৰ কিংছে ৷

চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মুখামুখি

চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ মুখামুখি অভিজ্ঞতাৰ কথা ক’বলৈ গ’লে দুয়োটা দলৰ মাজত এতিয়ালৈকে তুমুল প্ৰতিযোগিতা হোৱা দেখা গৈছে । এই পৰ্যন্ত দুয়োটা দলে আই পি এলৰ ৩০ খন খেলত মুখামুখি হৈছে । এই সময়ছোৱাত চি এছ কে ১৬ বাৰ জয়লাভ কৰাৰ বিপৰীতে ৰাজস্থানে ১৪ খন মেচত জয়লাভ কৰিছে ।

অৱশ্যে দুয়োটা দলৰে মাজত অনুষ্ঠিত ৫ খন মেচত ৰাজস্থানে আধিপত্য বিস্তাৰ কৰি ৪ বাৰ জয়ৰ সোৱাদ লৈছে । আজিও দুয়োটা দলৰ মাজত এক ৰোমাঞ্চকৰ হাই স্ক’ৰিং মেচৰ আশা কৰিছে অনুৰাগীয়ে ৷

অৰুণ জেটলী ষ্টেডিয়ামৰ পিটচ ৰিপৰ্ট

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামৰ খেলপথাৰৰ কথা ক’লে ইয়াত বেটছমেনৰ আধিপত্য দেখা যায় । এই খেলপথাৰত এবাৰ বেটছমেনগৰাকী তিষ্ঠিব পাৰিলেই ডাঙৰ ডাঙৰ শ্বট আশা কৰিব পাৰি । এই খেলপথাৰৰ সীমা সৰু আৰু আউটফিল্ড যথেষ্ট ফাষ্ট । এনে পৰিস্থিতিত বেটছমেনে সহজেই ডাঙৰ শ্বট মাৰিব পাৰে ।

এই খেলপথাৰত ফাষ্ট বলাৰসকলেও নতুন বলৰ সৈতে কিছু সহায় পায় । একে সময়তে স্পিন বলাৰসকলেও পুৰণি বলটোৰে বেটছমেনক ধৰাশায়ী কৰা দেখা যায় । বেছিভাগ সময়তে এই খেলপথাৰত ২০০ ৰ ওপৰত স্ক’ৰ কৰা দেখা যায় ৷ সেয়েহে আজিও দুয়োটা দলৰ মাজত এখন হাই স্ক’ৰিং মেচ হোৱাৰ সম্ভাৱনা আছে ।

দুয়োটা দলৰ সম্ভাব্য প্লেয়িং-১১

চেন্নাই ছুপাৰ কিংছৰ সম্ভাব্য প্লেয়িং-১১

ডেৱন কনৱে, আয়ুছ মাত্ৰে, উৰ্ভিল পেটেল, ৰবীন্দ্ৰ জাদেজা, দেৱাল্ড ব্ৰেভিছ, শিৱম দুবে, এম এছ ধোনী (অধিনায়ক), ৰবিচন্দ্ৰন অশ্বিন, মথিছা পাথিৰানা, নুৰ আহমেদ আৰু খলিল আহমেদ ।

ৰাজস্থান ৰয়েলছৰ সম্ভাব্য প্লেয়িং-১১

সঞ্জু চেমছন (অধিনায়ক), ধ্ৰুৱ জুৰেল, শ্বিমৰণ হেটমায়াৰ, যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, ৰিয়ান পৰাগ, ৱানিন্দু হাছাৰংগা, তুষাৰ দেশপাণ্ডে, আকাশ মাধৱান, কুৱেনা ম্ফাকা আৰু ফজলহাক ফাৰুকী ।

লগতে পঢ়ক: হায়দৰাবাদত ডাঙৰ আঘাত, লক্ষ্ণৌৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নোৱাৰিব এইগৰাকী তাৰকা খেলুৱৈ, জানক কাৰণ





Source link

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments